NATURE OF GEOGRAPHY

GEOGRAPHICAL NOTES

Showing posts with label প্ৰশ্ন:- অঘৰী পশুপালন. Show all posts
Showing posts with label প্ৰশ্ন:- অঘৰী পশুপালন. Show all posts

Sunday, September 30, 2018

September 30, 2018

প্ৰশ্ন:- অঘৰী পশুপালন আৰু বানিজ্যিক পশুধন পালনৰ মাজত থকা পাৰ্থক্য সমূহ লিখা।


প্ৰশ্ন:- অঘৰী পশুপালন আৰু বানিজ্যিক পশুধন পালনৰ মাজত থকা পাৰ্থক্য সমূহ লিখা।
উত্তৰ:-
        অঘৰী পশুপালন আৰু বানিজ্যিক পশুধন পালনৰ মাজত থকা পাৰ্থক্য সমূহ হ’ল-
        ১) অঘৰী পশুপালন আদিম পোষক জীৱিকা,
         আনহাতে, বানিজ্যিক পশুধন পালন এক সংঘবধ্ব আৰু অধিক মূলধন বিনোযোগকাৰি আধুনিক জীৱিকা।
        ২) অঘৰী পশুপালন বৃত্তিত পশুপালক সমূহ নিজৰ খাদ্য, কাপোৰ আৰু বাসস্থানৰ বাবে পশুৰ ওপৰত নিৰ্ভৰশীল,
        অন্যহাতে, বানিজ্যিক পশুধন পালন পশ্চিমীয় দেশৰ সংস্কৃতিৰ লগত জড়িত।
        ৩) অঘৰী পশুপালন বৃত্তিত পশুপালক সকলে সময়ে সময়ে পশুৰ খাদ্যৰ সন্ধানত এখন ঠাইৰ পৰা অইন ঠাইলৈ ঋতু প্ৰবজন কৰে।
        বানিজ্যিক পশুধন পালন এক স্থায়ী কৰ্ম। ইয়াত ঋতু প্ৰবজন নহয়।
        ৪) বানিজ্যিক পশুধন পালন এক বিজ্ঞান সন্মত পদ্বতিত কৰা প্ৰাধমিক খণ্ডৰ বৃত্তি। ইয়াত পশুধন বোৰ যাতে নিৰুগী হয তাৰ বাবে বিভিন্ন ধৰনৰ ব্যাৱস্থা লোৱা হয়। ইহতৰ বংশজনিত উৎকৰ্ষসাধন কৰিবৰ বাবে বংশ শংকৰ আদি ব্যাৱস্থা গ্ৰহন কৰা হয়।
        অন্যহাতে অঘৰী পশুপালন বৃত্তিত এনে ব্যৱস্থা গ্ৰহন কৰা তো দেখা নাযায়।
        ৫) বানিজ্যিক পশুধন পালনত সাধৰনতে এবিধ বিশেষ প্ৰজাতিৰ জীৱ-জন্তুৰ লালন-পালন কৰা হয়।
         কিন্তু অঘৰী পশুপালনত একে লগে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ লালন-পালন কৰা হয়।

                                               
                                                                        জয়দীপ কলিতা