NATURE OF GEOGRAPHY

GEOGRAPHICAL NOTES

Thursday, September 27, 2018

প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্য্যৰ পাৰ্থক্য


প্ৰশ্ন:-প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্য্যৰ পাৰ্থক্য লিখা।                      
উত্তৰ:- প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্য্যৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-
        ১) প্ৰাথমিক খণ্ডৰ কাম-কাজ সমূহত মানুহ পোনপতীয়া ভাবে  প্ৰকৃতিৰ লগত জৰিত।মানুহে প্ৰকৃতিৰ বুকুৰ পৰা প্ৰত্যক্ষ ভাবে সম্পদ আহৰন কৰি নিজৰ চাহিদা আৰু প্ৰয়োজন পুৰন কৰে।
        অন্যহাতে, দ্বিতীয় শ্ৰেণীৰ কাম-কাজ সমূহত মানুহ পোনপতীয়া ভাবে  প্ৰকৃতিৰ লগত জৰিত নহয়। মানুহে প্ৰকৃতিৰ বুকুৰ পৰা প্ৰত্যক্ষ ভাবে সংগ্ৰহ কৰা সম্পদ সমুহৰ ৰূপান্তৰ, পৰিষুধন আদি কৰা কামত নিযোগ হৈ থাকে।
        ২) উন্নয়নশীল আৰু অনুন্নত দেশ সমুহৰ অৰ্থনিতী প্ৰধানকৈ প্ৰাথমিক খণ্ডৰ ওপৰত নিৰ্ভৰশীল।
        আনহাতে, উন্নত দেশ সমূহৰ প্ৰধানকৈ দ্বিতীয় খণ্ডৰ ওপৰত নিৰ্ভৰশীল।
        ৩) কৃষি, পশু পালন, মীন পালন, ফল মুল সংগ্ৰহ আদি কাম বোৰ প্ৰাথমিক কাৰ্য্যৰ অন্তৰ্গত।
        আনফালে, তেল শোধন, শক্তি উৎপাদন, বিভিন্ন ধৰনৰ উদ্যোগ আদি দ্বিতীয়ক কাৰ্য্যৰ অন্তৰ্গত।

               

                                                                জয়দীপ কলিতা

No comments:

Post a Comment